যন্ত্ৰৰূপী মানুহ
এই যান্ত্ৰিক পৃথিৱীত আমি একো একোজন যেন এটি যন্ত্ৰ, প্ৰতিদিনেই উঠো প্ৰতিযোগিতাৰ সুৰে নিজৰেই ছাঁটোকো চিনি নোপোৱাৰ দৰে। দৌৰিছোঁ অবিৰাম... নাজানো গন্তব্য, নাজানো কিয় এই গমন, মানুহ নহয় যেন, সংখ্যাহে হওঁ আমি মূল্য থাকে কেৱল জয়ৰ পৰিমাপত। মানুহ আছিলোঁ একসময়ত, আজি যেন সময়ৰ কাৰখানাত গঢ়া এটি যন্ত্ৰ, যদি যন্ত্ৰই হওঁ সম্পূৰ্ণ, তেন্তে হৃদয় কিয় ধপধপ কৰে অবিৰত অন্তৰত। তথাপি নিশাৰ গভীৰ নীৰৱতাত যেতিয়া কোলাহল শুই পৰে, অন্তৰৰ অন্তঃস্থলত এটি সুৰ জাগে... "তই যন্ত্ৰ নহয়... তই মানুহ।" সেই সুৰেই সত্য সেই সুৰেই জীৱনৰ অন্তিম আলো, কাৰণ যন্ত্ৰৰ নাথাকে স্বপ্ন, স্বপ্ন থাকে কেৱল হৃদয় থকা মানৱৰ।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
