মই নকলোৱে যেনিবা....!!
সাঁচতীয়া জপাত বিচাৰিলে কেতিয়াবা ওলায়ো পৰে এদিন কোনোবাই দিয়া আমোলমোল কেতেকীৰ শুকাই যোৱা পাহি , মুখেৰে নকলেও যে ভাল পোৱা প্ৰকাশ কৰিব পাৰে সেইয়া অনুৰন আৰু সন্ধ্যাই জানে ,,,,🤔 ৰাতিবোৰ ইমান অকলশৰীয়া কিয় হয় ?? কঁপালৰ লিখনিত অভিযোগ কিয় হয়, কেতিয়াবা লগ পালে সুধিবা চোন ভগৱানক..... কিয় প্ৰতিশ্ৰুতি দিয়ে মানুহে আৰু পালন কৰে স্মৃতিয়ে ✨দুৰ কৰে অবহেলাই নাম পাই ব্যস্ততাই 🙂 আকুলতাৰ সলনি যেতিয়া অৱহেলা আহে, অভিমান ক'ত জাগিব ? হেঁপাহৰ সলনি যেতিয়া অজুহাত আহে ভালপোৱা ক'ত থাকিব!!!? বিদায়বোৰ আবেলিৰ দৰে হোৱা হ'লে...আঁতৰি যোৱাৰ কাহিনীত ঘূৰি অহাৰ প্ৰতিশ্ৰুতি থকা হ'লে.... মই জানো প্ৰেমৰ পৰিণতি বিবাহ নহ'বও পাৰে, কিন্তু বিবাহ কেতিয়াও প্ৰেমৰ অবিহনে হব নোৱাৰে। প্ৰেম মানে মুক্ত আৰু বিবাহ মানে বান্ধোন 👀❤️ তোমাৰ বাবে অনুৰণ হবলে মই নোৱাৰিম কিন্তু কথা দিছো মানস হৈ জীপাল কৰি তুলিম আমাৰ ভালপোৱা... মোৰ ভালপোৱা পৃথিৱীখনত সন্ধ্যা হব নালাগে তুমি মাথোঁ মোৰ প্ৰিয়তমা হৈ ৰৈ যোৱা চিৰদিনলৈ ❤️🍃 তুমি মাথোঁ অনুৰণ হ'ম বুলি কোৱা 💐🎀মই এতিয়াই সাজু আছোঁ তোমাৰ সন্ধ্যা হ'বলৈ 🌸
Poetry Books 50% Off
Bestselling collections from top poets
