তোমাৰ সান্নিধ্যৰ এটি সন্ধিয়া
মেঘে খেদি অহা সপোন ৰ সফুৰা বোৰ হাত মেলি সাবটি লবলৈ লগ পাব বিচাৰো তোমাক নিৰিবিলি ক্ষণ ত তোমাৰ সান্নিধ্যৰ এটি সন্ধিয়া ত ... অজান নিজান পৰত নীলা আকাশৰ কাদম্বৰী পলত ঝিৰ ঝিৰ মলয়া বতাহে চুই যাব তোমাৰ যৌৱন বতাহ ত উৰি অহা তোমাৰ মেটেকীয়া চুলিটাৰি য়ে মৰমৰ কঠিয়া ৰুই যাব মোৰ বুকুৰ উদং শাওন ত লগ পাব বিচাৰো তোমাক ..... মনৰ প্ৰত্যাহ্বান বোৰ গোটাই লৈছো , বহু শব্দ পুহি ৰাখিছোঁ তোমাৰ সান্নিধ্যত কবিতাৰ প্ৰসৱ কৰাবলৈ স্বন্দন শুনি পাইছা ,উত্তেজিত হৃদয়ৰ ? শুনিবা নেকি মোৰ স্পন্দন বোৰৰ ব্যথা মিনিট ত কেইবাৰ তোমাৰ নাম ৰ গীত জুৰে মোৰ স্পন্দন শুনিবলৈ মোৰ বুকুত মুৰ গুজিব লাগিব লগ কৰিবা মোক ? তোমাৰ আঙুলিৰ ফাকেৰে মোৰ আঙুলিবোৰ মিলিবলৈ গণিতৰ অংক নিশিকাও ভালপোৱা ৰ ইতিহাসত মোৰ তাজমহল ৰ তোমাক মমতাজ সজাম কেতিয়াবা বৰ হীনমন্যতা ৰ বন্ধ কোঠালিত আৱদ্ধ হও লগ পাব বিচাৰো তোমাক ..... তোমাৰ কাজলে বিন্ধা দুচকুৰ কাব্যিক ধৰ্ষন কৰিবলৈ ভাল পাও তোমাক ..... শুন্যতাৰ সিপাৰ ৰ জোলোঙা উদঙাই তোমাৰ বিশ্বাস মন্দিৰৰ অবৈতনিক পূজাৰী হবলৈ ... লগ নকৰা নেকি মোক ??? ভাল পাব নোৱাৰিবা নেকি মোক ??? নে মই আজিও তোমাৰ অবান্তৰ প্ৰশ্নবোৰ ৰ প্ৰশ্নবোধক চিহ্ন মাথোঁন?? এবাৰ লগ কৰি চোৱা মোক মাথোঁ এবাৰ .....
Poetry Books 50% Off
Bestselling collections from top poets
