কাচিয়ালি ....
শেতা পৰা আঙুলিৰে ফাকেৰে নীলা আকাশ ৰ তলত লুকাইছিলো মই তোমাৰ মেঘাৰুণী কাবেৰী চুলিটাৰি ৰ পৰশত মন বসন্তত পূবাৰুণ ক্ষেপাইছিলো সুমুথিৰা বৰণীয়া গাল দুখনি ৰ দুভাজ ত গোলক বৃত্ত ৰ গোলপীয়তা উপভোগ কৰিছিলো তোমাৰ নিলা দু ওঠ ৰ কাবেৰী ত মোৰ কবিতাৰ শব্দবোৰ ৰ উন্মুক্ত বিচৰন এৰি দিছিলো সপোনে ওলাই যাব খোজা বুকুখন এৰি দিছিলো তোমাৰ বুকুৰ মাজ কোঠালিত তোমাৰ বুকুৰ কোঠালিটোৰ প্ৰতিটো বিন্দ তে মোৰ প্ৰতিবিম্ব আৰি আহিছিলো তোমাৰ খামুচীয়া ককাল ৰ হালধীয়া পথাৰ ত শাওন ৰ জীপান্ত কঠীয়া শিপাইছিলো তোমাৰ নীলাভ চকুহালি ৰ আলিবাটত মোৰ কামনা বোৰ ক লুকা ভাকু খেলিব এৰি দিছিলো ধৌ খেলা মোৰ কথাবোৰ ৰ শব্দবোৰ তোমাৰ দুহাত ত এৰি দিছিলো কথাবোৰ আত্মগোপন হৈ পৰিল ৰং তুলিকাৰে সজাব পৰা নগল তোমাৰ অনুভূতি বোৰ বগা সাজেৰে এৰি আহিব লগা হল তোমাক মাজ পদূলিত মোৰ আকস্মিক বিদায় বেলাত কথা আছিল ৰামধেনু ৰ বুকুত সাতোৰঙ আকি দিম তোমাৰ দেহৰ ভাজে ভাজে . . . . . . . . . . কপিলী পৰশেৰে । কথা টি স্মৃতিৰ কাৰাগাৰ ত বন্দী হৈ ৰল আহোতে সেওঁতা ৰ ৰঙাকণো মছি আহিবলগীয়া হল
Poetry Books 50% Off
Bestselling collections from top poets
