অনাকাংক্ষিত **
অনাকাংক্ষিত ** মাতাল হৈ পৰা ৰাতিটোৰ আমেজ লৈ গেটখন মাৰি সি গ'লগৈ, বাইকৰ কিকটো বৰ কঠোৰকৈ মাৰিলে। মানে আজিও শুৱ নোৱাৰিব সি... বাৰাণ্ডাৰ দীঘল বেঞ্চখনতে বৰ অস্থিৰতাৰে পাৰ হৈ যাব সময়বোৰ। এথোপা ক্ষোভ যি কোনোদিন বাহিৰলৈ ওলাবলৈ সাহস নকৰে, কেইটোপালমান চকুপানী যি অহৰহ বৈ থাকে আৰু কিছু ভয়লগা যন্ত্রণা যি তাইৰ লগত ছাঁৰ দৰে ওলমি থাকে অনবৰতে। বচ্, তাই তাই ৰাতিতো ৰাতিতো ইঁহতৰ ইহতৰ লগতেই সহবাস কৰি কটাই দিব। অথচ তাই চিঞৰিব নোৱাৰে... ভুল তাইৰে, সমস্ত অধিকাৰবোৰ তাক সঁপি দি প্রতিবাদবোৰযে তাই নিজেই শেষ কৰি দিলে। কিন্তু কাইলৈ পুৱা হ'ব আনদিনাৰ দৰে সকলো ঠিক হ'ব। সি আৰু সম্পৰ্কটো আকৌ স্থিৰ হৈ পৰিব, সুখী হ'ব দুয়োটা, তীৰ বাবে যেন ৰাতিটো অহা নাছিল কেতিয়াও... সকলো ঠিক হ'লেও তাইৰ কিন্তু ভয়টো থাকি যাব, তাই যে জানে ৰাতিবোৰ আকৌ আহিব। সেয়ে এনে ৰাতিবোৰ কাম্য নহয়, তাইৰ..মোৰ...
Poetry Books 50% Off
Bestselling collections from top poets
