ভালপোৱাৰ আৰম্ভণি
ভঙা সপোনৰ ৰিক্ত সীমনাত আকৌ বৈছে প্ৰাপ্তিৰ ঢৌ আকৌ এবাৰ ভাল লগা হৈছে কৃষ্ণচুড়াৰ ৰংবোৰ, আবেলিবোৰ । সপোনবোৰ পুনৰ সজীৱ হৈছে কাৰোবাৰ আগমনত..। কৃষ্ণচুড়া জোপাৰ তলত বহি তেনেকৈ মিঠা হাঁহি মাৰি নাচাব, আপুনি যিমানেই হাঁহিব সিমানেই আপোনাৰ প্ৰেমৰ গভীৰতাত ডুব যা়ম মই । আপুনি যদি বিচাৰে কৃষ্ণচুড়াৰ ৰঙেৰে ৰাঙলী কৰিম দিয়ক আপোনাৰ দুগাল..। আহিব নহলে সন্ধিয়া এপাক কৃষ্ণচুড়াৰ তললৈ বুলি মৰমবোৰ ভগাই লম ভাললগাবোৰ ভালপোৱা কৰিম আপোনাৰ পৰা তুমি হম । আপোনাৰ অভিমানৰ সোঁতবোৰে মোৰ পৰা দূৰলৈ লৈ যাব নোৱাৰে আপোনাক মোৰ আলফুলীয়া বুকুৰ মৰমবোৰে আপোনাৰ অভিমানৰ ওচৰত হাৰ নামানে…। সপোনবোৰ পুনৰ সজীৱ হৈছে কাৰোবাৰ আগমনত..। ভঙা সপোনৰ ৰিক্ত সীমনাত আকৌ বৈছে প্ৰাপ্তিৰ ঢৌ ।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
