তুমি
In the mood for love ভালপোৱা, বিচ্ছেদ, বিদ্ৰোহ অবনমিত মনৰ ভ্ৰান্ত ধাৰণা । আজিও চাৰিটা দশকৰ অন্তত ঢপলিয়াই আহিছোঁ তোমাক চাবলৈ। নৈসৰ্গিক সৌন্দৰ্যই মুগ্ধ কৰা বুঢ়া লুইতৰ পাৰৰ অতিথি গৃহলৈ। নিস্তব্ধ হৈ নিজাল ৰোৱা নিশাটি কুকুৰৰ ৰাউচীয়ে অধিক মাতাল কৰি তুলিছে কিয় জানো ? ফুটপাথত শুই ৰোৱা শীতে নীহালিখন খেপিয়াই ফুৰিছে । আপোনতাৰ পৰিধী জুখিব পৰাহেঁতেন; অতি সহজেই তোমাক উত্তৰ দিলোঁ হয় তুমি মোৰ কিমান আপোন, মনত আছে নে তোমাৰ ? আসক্ত হৈছিলো মই তোমাৰ হাঁহিত জোনাকে তিওঁৱা নিজানত তুমি আকুলতাৰে সানি দিছিলা মদাৰৰ ৰঙা ৰং । এতিয়া তোমাৰ সেই অনুভৱবোৰ হৃদয়ৰ গভীৰতা বিচাৰিছোঁ ৰূপোৱালী ঘাটৰ অন্তহীন পথেৰে গৈ আছোঁ জলমল সাগৰৰ বুকুত মোকেই হেঁৰুৱাবলে ।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
