পণ
নিজম ৰাতি, নিস্তব্ধ পৃথিৱী বিষাদৰ শতসহস্ৰ মালা গাঁথি, ভাগৰুৱা বেজিটিয়েও এৰে দুখৰ হুমুনিয়াহ এটি নাজানো, কেতিয়াকে উদিত হ'ব সুখৰ ৰাঙলী বেলি। বতাহত ভাঁহি আহে নিশিগন্ধাৰ সুগন্ধি মনৰ নিজানত ফুলি উঠে আশাৰ পাপৰি, আন্ধাৰৰ আৱৰণ ফালি কালিলৈ আহিব নতুনৰ ৰ'দালি নব্য প্ৰত্যাশা বুকুত বান্ধি ন উদ্যমেৰে যাম আগবাঢ়ি। বাধাৰ প্ৰাচীৰ ভাঙি, ধুমুহা, শিল, বৰষুণকো নেওচি নিৰ্ভীকতাৰে পাৰ হ'ম প্ৰতিটো কণ্টকময় আলি-কেঁকুৰি, দুখৰ উৎসবোৰ মৰাসুঁতিত সমৰ্পিত কৰি নিশাৰ শেতেলিত আঁকিম মাথোঁ জীৱনৰ শ্যামলিমা প্ৰতিচ্ছবি।।।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
