আমাৰ অসম
ক্ষোভিত মই ক্ষোভত দহিছে মোৰ হৃদয়, শংকৰ-আজানৰ একতাৰ ৰম্যভূমি চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিব খুজিছে আজি ৰজা-মহাৰজা সৱে মিলি। শত শত ছহিদৰ শোণিতেৰে গঢ়া আমাৰ এই অসমখনি ৰজাঘৰীয়াই বিদেশীৰে বুৰাবলৈ লাগিছে উঠি-পৰি, নিঃশেষ কৰিব খুজিছে অসমীয়া জাতি, ভাষা, সংস্কৃতি আমি প্ৰজাগণে আৰ্তৰাৱ কৰিছোঁ অস্তিত্ব ৰক্ষাৰ যুঁজত যুঁজি যুঁজি। অসমী আইয়ে হিয়া ধাকুৰিয়াই কান্দিছে অহোৰাত্রি বুকুৰ কুটুমেই আঁজুৰি-পিঁজুৰি ক্ষত-বিক্ষত কৰিছে শ্যামলী আইৰ সোণোৱালী বুকুখনি, আইৰ চোতালৰ পৰা হঠাতেই নোহোৱা হ'ল শান্তিৰ কপৌহালি প্রান্তে প্রান্তে এতিয়া মাথোঁ প্ৰতিবাদৰ উত্তাল প্ৰতিধ্বনি। বীৰ-বীৰাংগনাৰ বীৰত্বৰ চানেকিৰে মহীয়ান আমাৰ অসম অসমাকাশৰ ক'লা ডাৱৰ আঁতৰাবলৈ আমি হ'মেই সক্ষম, মৃত্যুকো নেওচি ৰাখিমেই আমি স্বৰ্গদপি গৰীয়সী জননী জন্মভূমিৰ মান চেনেহী আইৰ শীতল ছাঁত বিদেশী শতৰুক জিৰাবলৈ কাহানিও নিদিওঁ স্থান। ---পিংকী শইকীয়া
Poetry Books 50% Off
Bestselling collections from top poets
