বিভ্ৰান্তি✨
কেতিয়াবা কোনো শব্দ নহয়, মাথোঁ এটা অনুভৱ----- নিঃশব্দে বুকুত সোমাই পৰা কুঁৱলী। পথবোৰ দেখা যায়, কিন্তু দিশবোৰ অদৃশ্য। প্ৰশ্নবোৰ হাত ধৰি থিয় থাকে, উত্তৰ বোৰ দূৰত থিয় হৈ চায়। মই আগবাঢ়ো------- মাটি যেন মসৃণ, আকাশ যেন ওলমি আছে চিন্তাৰ সুতাৰে। মানুহে কয় বিভ্ৰান্তি মানে দুৰ্বলতা; কিন্তু মই জানো------ এয়াই হৈছে অন্তৰৰ গোপন দুৱাৰ , য'ত সচাঁ নিজক লগ পোৱা যায়। যেতিয়া সকলো স্পষ্ট লাগে, তেতিয়া মন থমকি যায়; আৰু যেতিয়া সকলো অস্পষ্ট হয়, তেতিয়াই চিন্তা জাগে। কিন্তু মই জানো --- মই বিভ্ৰান্তিক ভাল পাওঁ, বিভ্ৰান্তিৰ সৈতে যুঁজি ভাল পাওঁ, কাৰণ মই নিজক ভাল পাওঁ। 📍লিজা দিহিঙীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সংহত স্নাতকোত্তৰ মহলাৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
