দেউতা : পিতৃ দিৱস
দেউতা তোমাক বহুত বহুত ভাল পাওঁ কিন্তু তোমাৰ সম্মুখত ক'বলৈ ভয় কৰোঁ, তোমাক সাৱটি ধৰিব বিচাৰোঁ তোমাৰ কোলাত জিৰণী ল'ব বিচাৰোঁ কিন্তু সাহস নহয়। তোমাৰ শাসনে যিদৰে আমাক মানুহ হিচাপে গঢ়ি তুলিলে, ঠিক তেনেদৰে তোমাৰে মৰমে আমাক আপোন হ'বলৈ শিকালে। তুমি ক'ৰবাত সাহস হৈ, ক'ৰবাত শক্তি হৈ ক'ৰবাত পোহৰ হৈ, ক'ৰবাত কলম হৈ সদায়ে লগ দি আহিছা। তুমি থাকিলে নিৰ্ভয়ে থাকোঁ, দেউতা আছে নহয়! তুমি থাকিলে এন্ধাৰতো খোজ কাঢ়ি দিওঁ কাৰণ দেউতা তুমি লগত আছে যে। দেউতা না কয় শেষ কৰিব পাৰোঁ, না লিখি শেষ কৰিব পাৰোঁ, দেউতা এৰি নাযাবা, বুকুত সাৱটি ধৰি ৰাখিবা। দেউতা, বহুত ভাল পাওঁ তোমাক কিন্তু ক'বলৈ ভয় কৰোঁ, কাৰণ তুমি দেউতা।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
