আলি আই লৃগাং
ফাগুন আহিলে গছ -লতাই ন কুঁহিপাত মেলিলে। প্ৰকৃতিয়ে সেউজীয়া সাজ পিন্ধি জকমকীয়া হৈছে। আলি আই লৃগাং ফাগুন মাহৰ প্ৰথম বুধবাৰৰ টোৰ পৰা মিচিং সমাজে উলহ -মালহেৰে পালন কৰে। আলি- আই -লিগাঙৰ হ'ল আলি মানে আলু বা শিপা বা তলত হোৱা খাদ্য; আই মানে গছত হোৱা ফুল, লৃগাং মানে সিঁচা। অৰ্থাৎ বীজ সিঁচা বা গুটি সিঁচা উৎসৱেই হ'ল আলি আই লৃগাং। লৃগাঙত পুৰাং আপিন তৰা পাতত সিজোৱা টোপোলা বৰা ভাত; পৰ আপং ধান খেৰ বনোৱা ছাই ব্যৱহাৰ কৰা হয়। আমাৰ প্ৰধান উপাস্য দেৱতাৰ হৈছে চন্দ্ৰ -সূৰ্য । সঁচাকৈয়ে আমাৰ আলি- আই- লৃগাং লোক -সংস্কতিৰ এক উচ্চ নিদৰ্শন । শ্ৰী কৃষ কুলি
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
