যাত্ৰা...
*সঠিক ঠিকনা* হৃদয় অক্লান্ত আপোনাৰ...তেজৰ দমেৰে আগবাঢ়ে যদিও থমকি ৰৱ বিচাৰে চাগে আমাৰ অশ্ৰুসিক্ত মুখ দেখি! দুৰ্বল হৈ নপৰিব আপুনি!! আপোনাৰ শ্ৰীমতী সদায় অনুপমা, চিৰদিন বিশ্বজয়া...। উহঃ,, ক্লান্ত নহয় মই, মাথোঁ যাযাবৰী জীৱনক লৈ চিন্তা অ'...কিজানিবা যাযাবৰী জীৱনে হেজাৰ জনৰ দৰে আমাৰো নঙলা খোলেহি!! মৰমৰ এই দলং খন যদি ভাগি যায় ভয় নাখাব! আপোনাৰ শ্ৰীমতীয়ে কোনোদিনে নোদোষে উপৰৱালাক! ঈশ্বৰৰ আশীৰ্বাদ বুলি হাতত তুলি ল'ম আপুনি নামৰ সেই সাজযোৰ; আপোনাৰ গৌৰৱ বোৰ আৰু সেউজীয়া অনুভৱ বোৰ... নাই অলপো ভাগৰা নাই মই...বৌতি আৰু পোনাহঁত তেনেকৈয়ে থাকিব যেনেকৈ বিচাৰে আপুনি...। ফাগুনৰ ৰং খিনি এইবাৰ নাসানো দিয়ক... আপুনি নামৰ সেন্দুৰকেই এবাৰ পৰশিম! মদাৰৰ সৰাফুল কেইপাহ মান মোহাৰি গোন্ধ লৈ চাম...আপোনাৰ প্ৰিয় নহয় জানো?... বুজিছোঁ!! এইবোৰে আপোনাৰ মন সলাব নোৱাৰে... তথাপি অনুগ্ৰহ আপোনালৈ....(নিস্তব্ধ) হাতৰ পৰশ লাহে লাহে চেঁচা হৈ আহিছে আপোনাৰ, চকুলো বাগৰা নাই কিন্তু হিয়া ধাকুৰি চিঞৰিছে অন্তৰ খনে...পুনঃ লগ পোৱাৰ আশাত বন্দী আপোনাৰ চিৰকালৰ প্ৰেয়সী!! বিদায় বুলি নকওঁ,, হিয়াৰ নিভাজ কোণত সদায়ে আপোনাৰ ঠাই...! জন্মে জন্মান্তৰে আপোনাৰ চৰণত ঠাই পোৱাৰ অযুত আশাৰে বাট চাম মই...ভালে থাকিব আপুনি ভালে থাকিব সকলোঁ...!(দুখন হৃদয়ৰ এইয়া মৌন ভাষ্য!নুবুজা অনুভূতিৰ অপ্ৰকাশিত অভিব্যক্তি) —পংখী🍃
Poetry Books 50% Off
Bestselling collections from top poets
