যাত্ৰা...
: কি বুজাব বিচাৰিছা? : মইও তাৰে এক অংশ অ'...আৰু ভাৱবোৰে চাগে সেয়েহে বৰ বেছিকৈ আমনি কৰে...। জানা, মোৰ লগত ধেমালি খেলিবলৈ টনা আজোৰা কৰে আৰু মই ক্ষোভিত হওঁ। কিন্তু, নিশব্দে ৰওঁ কিজানিবা দুখ পাই অন্তৰে...। : হৃদয়খন বাৰু খহি পৰিব নোখোজেনে? : খোজে,,কিন্তু ' নামৰ আৱেগটোৱে পুনৰ তুলি ধৰে। : এহেজাৰ কাহিনীৰে ভৰা তোমাৰ জীৱনটোৱে জিৰাবলৈ দিয়েনে? : '' জিৰণি ''...জিৰাইছিলো এসময়ত, যেতিয়া দোকমোকালি পুৱা ' মা ' ৰ হাতখন মোৰ কেঁকোৰা চুলিত আলফুলে বাগৰিছিল, জিৰাইছিলো তেতিয়া যেতিয়া পত্নীৰ কোলাত ক্ষন্তেক চকু মুদিছিলো,আৰু তেতিয়া জীৰাইছিলো জানা যেতিয়া একলা দুকলাকৈ বাঢ়ি অহা মোৰ তনয়াক দুহাতেৰে সাৱটি বিচনাত বাগৰ দিছিলোঁ....
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
