ক্ৰমশঃ
হাঁহিবোৰ চকুলো হৈ সৰিছে নিৰলে আশাবোৰ দহিছে নিৰাশাৰ অনলে, এন্ধাৰহে দেখিছোঁ সমুখৰ প্ৰতিটো পথতে সূৰুযমুখী সপোনৰ বাট নাজানো কোনদিশে! সুৰৰ পানচৈ হেৰুৱাই নিতে ৰঙহীন জীৱনৰ পাত লুটিয়াই ক্ষণে প্ৰতিক্ষণে, বুকুৰ নিসাৰ উপবন সাৱটি ক্ৰমশঃ যাযাবৰী প্ৰাণ মোৰ নিঃসংগতাৰ ঢৌত উটি-ভাঁহি ফুৰে!
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
