ভালে আছা প্ৰিয়তমা
ভালে আছা প্ৰিয়তমা ? সপোনৰ বাটৰ শেৱালীজোপা এতিয়া নঙঠা ! হৃদয়ৰ মণিকোঠাৰ জ্বলি থকা বন্তি গছি আজি অস্তিত্ব হীন ! জানা প্ৰিয়তমা ! গভীৰ নিশাৰ এন্ধবোৰেও এতিয়া নুশুনে মোৰ কথা । তুমি নামৰ কিতাপ খনৰ পৃষ্ঠাবোৰ আজিও মোৰ অন্তৰাত্মাত সজীৱ । নাজানো এয়া আৱেগ নে মোৰ সঁচা ভালপোৱাৰ স্মৃতি ! সহস্ৰবাৰ চেষ্টা কৰিও মই উশাহটোক জিৰণি দিব পৰা নাই ও ! সিও মোক প্ৰশ্ন কৰে, " তৰ এহাল মা দেউতাও আছে নহয় ! সেইখিনিতে মই স্তব্ধ হৈ যাওঁ । আকৌ নতুনকৈ জীৱনৰ প্ৰেমত পৰিব বিচাৰোঁ । কিন্তু , অশ্ৰুবোৰে নিদিয়ে ও আকৌ জীয়াবলৈ ! তোমাৰ সুবাস বিছাৰি তোমাৰ চহৰৰ কোনো এটা গলিৰ আজি মই ভিক্ষাৰী । মই জানো তুমি সুখত আছা প্ৰিয়তমা । অতীতৰ মধুৰ সময়বোৰ তুমি জীৱনত কৰা ভুল বুলি পাহৰি গৈছা । কিন্তু মই ?? সেই তুমি নামৰ গোলাপ পাহৰ গোন্ধবোৰ আজিও বুকুত কঢ়িয়াইছো । মই জানো তোমাৰ মনৰ তুলাচনিত মোৰ ভৰ নিম্ন । তথাপিও কিয় জানো তোমাৰ বাবেই আজি মই নিসংগ ! আজিও জীয়াই আছোঁ তোমাৰ ভাববোৰ বুকুত আঁকোৱালি লৈ ! যাৰ পৰিণতিত মই পাইছোঁ এসাগৰ হিয়া ভগা কষ্ট । মই জানো তুমি কেতিয়াও নভবা মোৰ দৰে ! নালাগে দিয়া । নিজৰ পৃথিবী খনৰ ৰঙীণ মূহুৰ্তটো বোৰত জীৱনক উপভোগ কৰা । মোৰ মৃত্যুৰ শেষ উশাহটো ও যেন তোমাৰেই নামত প্ৰিয়তমা । ভালে থাকা । নিজক ভালে ৰখা । অলকেশ ১০/০৭/২০২৪
Poetry Books 50% Off
Bestselling collections from top poets
