এটি ৰঙা বেলি
পূৱ আকাশত উদয় হল ৰঙা বেলি, প্ৰকৃতিৰ মাজত আনন্দৰ আগমনি। তেনেতে এক মলয়া বতাহৰ জাননী, সেই মলয়া বতাহৰ সুৰে, চৰাই-চিৰিকটিৰ মাতে, মোৰ টোপনি কাঢ়ি এক উপহাৰ - এটি ৰঙা বেলি। সেই বেলিটিয়ে ক'বলৈ বিচাৰিছে যে- এক অন্ধকাৰৰ পিছতো, হয় পোহৰৰ আগমনি। একেদৰে জীৱনেও ক'বলৈ বিচাৰিছে যে- অলেখ দুখৰ পিছতো, হয় অসংখ্য সুখৰ আগমনি। মলয়া বতাহ জাকে সকলোকে এক অনুভৱ প্ৰদান কৰে! সেই এক অনুভৱে কাৰোবাক আমোদ, হয়তো কাৰোবাক আমনিও প্ৰদান কৰে। এই প্ৰকৃতিৰ বতাহ-বৰষুণ, এন্ধাৰ-পোহৰৰ সমাহাৰে যেনেকৈ এক পৰিৱেশৰ সৃষ্টি কৰে, ঠিক একেদৰে মানুহৰ এক মনৰ সুখ-দুখ, হাঁহি-কান্দোন আৰু প্ৰেমৰ সমাহাৰে সৃষ্টি কৰে- এক জীৱনৰ, এক ৰঙা বেলি। (বিতোপন, গৌতম ) (ঠিকনা:দৰং)
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
