মোৰ শেষ ঠিকনা
মোৰো আছিল এটি সুখৰ পঁজা একতাৰ জৰীৰে আটি আটি বন্ধা, প্ৰীতিৰ সুবাসে ভৰা, প্ৰশান্তিৰ বতাহে মন জুৰুৱা শুভ্ৰ জোনৰ নিৰ্মল হাঁহিৰে ঢৌ খেলা। আছিলোঁ মই এখনি পূৰ্ণাংগ আকাশ মোৰ শীতল ছাঁত জিৰাইছিল মোৰ বাখৰমণি দুটা, মোৰেই ভৰসাত সিহঁতে সপোনৰ পম খেদি বগাইছিল উচ্চাকাংক্ষাৰ জখলাত উৰিবলৈ শিকিছিল মোতকৈয়ো উচ্চতাত। থমকিবলৈ দিয়া নাছিলো দুয়োৰে সোণোৱালী ভৱিষ্যত অভাৱৰ তাগিদাত পিতৃৰূপে গৌৰৱান্বিত হৈছিলোঁ দুয়োৰে আকাশলংঘী সফলতাত, ভাবিছিলোঁ মোৰ সপোনৰ ঘৰখন আজীৱন হ'ব শুৱনি সুখৰ সুগন্ধি ফুলেৰে, ৰামধেনুৰ ৰঙেৰে থাকিব উপচি। নাথাকিব তাত আত্মকেন্দ্ৰিকতা কিম্বা অৰিয়া-অৰি নাজানিছিলোঁ ঐশ্বৰ্যৰ পয়োভৰত এদিন একতাৰ বান্ধোন যাব যে ছিগি। মোৰ হেঁপাহৰ ঘৰখন বিলাসিতাৰ ঢৌত পলকতে উটি গ'ল মনবোৰো যান্ত্ৰিক হ'ল, মোৰ অস্তিত্বও ক্ৰমাৎ নিঃশেষ হ'ল, বাৰ্ধক্যই কোঙা কৰা মোৰ দৰে পিতৃৰ থাকিবলৈ বৃহৎ অট্টালিকাৰ চুক এটাও বাকী নৰ'ল সেয়েহে ফুটপাথেই মোৰ শেষ ঠিকনা হ'ল।
Poetry Books 50% Off
Bestselling collections from top poets
