জুবিনদা গʼল
জুবিনদা আজি আমাৰ পৰা গ’ল, মৰমীয়া সুৰে চাই থাকিল। তোমাৰ গীত আজি মনত বাজে, আকাশত জোনাক জ্বলি ৰয়। তুমি আছিলা সৰুৰে পৰা, অসমৰ হিয়াৰ আমঠু। সাগৰে তোমাক অজানলৈ নিলেও, মনত আজিও তুমি থাকিবা। দুখৰ দিনত তোমাৰ গান, আমাৰ হৃদয়ত আশাৰ দান। জুবিন, তুমি চিৰদিন জীয়াই ৰʼবা, স্মৃতিত থাকিব তোমাৰ নাম ।।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
