সময়ৰ কথা
ধুলিয়ে বেৰি থকা আকাশ । গছবোৰো লঠঙা হল নহবনো কিয় ? বিষাদ কান্দোনত সৰিল গছৰ পাত । গছৰ ঠানিবোৰ একোখন খিৰিকি বতাহেও লুকাভাকু খেলে তাত । নিসংগতাই সাবতি থকা নীলিমাত তাহানিতে এৰি অহা সময়ৰ কথা সময়ে বৰণ সলাই ।। __________ পৱন ডেকা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
