অপেক্ষাৰ সীমনাত (অণুগল্প
দুহাতত পূজাৰ নৈবেদ্য লৈ ধীৰ খোজেৰে আগবাঢ়িছে তাই মন্দিৰৰ ভিতৰলৈ। আজিৰ এই বিশেষ দিনটোত প্ৰতিবছৰে আহে তাই এই বিখ্যাত মন্দিৰটোলৈ। অনুৰাগৰ নামত এগছি বন্তি জ্বলাবলৈ। এৰা, আজি অনুৰাগৰ জন্মদিন। আস। হঠাতে তাইক তাইৰ অলক্ষিতেই কোনোবাই খুন্দা মাৰি দিয়াত হাতৰ পৰা পূজাৰ সামগ্ৰীখিনি অ'ত ত'ত চিটিকি পৰিল। কিন্তু খুন্দামৰা মানুহজনে তাইলৈ অলপো ভ্ৰূক্ষেপ নকৰি, সুন্দৰী পত্নীৰ দুহাতত ধৰি মন্দিৰৰ ভিতৰলৈ আগুৱাই গৈয়েই থাকিল। এপাকত মানুহজনে পিছলৈ ঘূৰি চোৱাত চকুৱে চকু পৰাত আশ্চৰ্যৰ সীমা নোহোৱা হ'ল তাইৰ। যাক তাই শৈশৱৰে পৰা প্ৰাণভৰি ভালপাইছিল, যাক তাই সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ অৰিহণা যোগাইছিল, যিয়ে তাইক জীৱনৰ বাটত কেতিয়াও অকলশৰে এৰি আঁতৰি নোযোৱাৰ প্ৰতিশ্ৰুতি দি কেৰিয়াৰ গঢ়াৰ স্বাৰ্থত ১০ বছৰৰ আগতে চহৰলৈ ঢাপলি মেলিছিল। আৰু আজি সেইজন সহজ-সৰল অনুৰাগেই গপতে গংগাটোপ হৈ তাইলৈ চাই বিদ্ৰুপৰ হাঁহি মাৰি আগবাঢ়িছে জীৱন লগৰীৰ সৈতে তাইৰ অস্তিত্বক সম্পূৰ্ণৰূপে আওকাণ কৰি। "অপেক্ষাৰ সীমনাত মিছাতে ৰ'লো মই তোমালৈ,জীৱনৰ ৩০টা বসন্ত মিছা আশা বুকুত বান্ধি লৈ। মনতে তাই বিৰবিৰাই উঠিল। দুচকুৰে তাইৰ ধাৰাসাৰ চকুলো বৈ আহিল।
Poetry Books 50% Off
Bestselling collections from top poets
