প্ৰেমৰ মালিতা
প্ৰেম জ্যোতিষ্মান প্ৰেম সৰ্বশক্তিমান, প্ৰেম ত্যাগ আৰু প্ৰেৰণাৰ মুখৰিত গান প্ৰেম আত্মাৰ যাউতিযুগীয়া টান। প্ৰেম মানে নহয় দৈহিক ক্ষুধা কিম্বা ভোগ্য আহিলা প্ৰেম নহয় কোনো প্ৰলয়ংকাৰী ধুমুহা, য'ত নিঃশেষ হয় জীৱন সমাধিস্থ হয় অলেখ আশাৰ গুঞ্জন। প্ৰেম সৃষ্টিৰ এজাক ৰিমঝিম বৰষুণ যাৰ পৰশত মৰুময় হিয়াতো সেউজী শোভাই তোলে হেঁপাহৰ ৰোল, প্ৰেম জীৱনৰ অমিয়া মাধুৰী প্ৰেমৰ লহৰত বিনন্দীয়া এই ধৰণী। মোৰ বুকুতো আছে বৈ নিভাঁজ প্ৰেমৰ এখনি দৰদী নৈ বিশ্বাস আৰু সততাৰ ভেটিত গঢ় লোৱা এই প্ৰেম-- থাকিব সুবাসিত হৈ থাকিব ভাস্বত হৈ জনম জনমলৈ।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
