নদীৰ দৰে
জীৱনৰ প্ৰতিটো খোজত ৰক্তাক্ত হ'ব পাৰে মোৰ দুভৰি উজুটিৰ প্ৰচণ্ড আঘাতত। সপোনৰ ঠিকনাৰ সন্ধানত স্তিমিত হ'ব পাৰে মোৰ ওঁঠৰ হাঁহি ব্যৰ্থতাৰ চৰম সীমান্তত। একুঁকি নিভাঁজ মৰমৰ আলিংগনত ভাঙি চূৰ্ণ-বিচুৰ্ণ হ'ব পাৰে মোৰ হৃদয় প্ৰতাৰণৰ ঘূৰ্ণীবতাহৰ কোবত। তথাপিতো মই থমকিলে নহ'ব বৈ যাব লাগিব নদীৰ দৰে, জীৱনৰ হা-হুমুনিয়াহ, শিল, ধুমুহা সকলোবোৰ বুকুত সামৰি জীৱনৰ শেষ সুৰ থাকে মানে।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
