যাত্ৰা...
: ভুল...?ভুল অবিহনে কাহিনীৰ সৃষ্টি হ'ব নোৱাৰে নেকি সুপ্ৰভা? : কিন্তু! : কোনো কিন্তু নাই...। ব্যক্তিভেদে,সমাজভেদে ভুল তেতিয়াহে হয়,যেতিয়া কাহিনীৰ পম খেদি ভাগৰি পৰা মৰীচিকাই সঠিক ঠিকনা প্ৰাপ্ত কৰিব নোৱাৰে। নহয়নে? : .....। : নিশ্চূপ হৈ কিয় ৰলা সুপ্ৰভা?প্ৰশ্নৰ চাকনৈয়াত আকৌ থমকি গৈছা নেকি? : নাই যোৱা যাদৱ, আউল লগা প্ৰশ্নোত্তৰবোৰ মাথোঁ থান - থিত লগাবলৈ চেষ্টা কৰিছোঁ। : জানা সুপ্ৰভা, কেতিয়াবা বহল সমুদ্ৰত নিৰ্ভিকভাৱে অটল হৈ থাকোঁতে ঠেক সলিলৰাশিৰ মাদকতা কেনেকুৱা তাক অনুভৱ কৰিবলৈ পাহৰিয়ে যাও আমি...।কোলাহল ভেদ কৰি নিৰ্জনতা আনিবলৈ যাওঁতে নিৰ্জনৰ প্ৰকৃতাৰ্থ কি তাক বুজিবলৈ চেষ্টাই নকৰোঁ আমি,যাৰ কাৰণে ভিৰৰ আচ্চাদন ফালি নিৰ্জনতালৈ গতি কৰি তিক্ততা অনুভৱ কৰোঁ আমি!এইয়া জানো হোৱা উচিত সুপ্ৰভা? : অনুচিত যাদৱ,কিন্তু ইয়াৰ লগত আমাৰ প্ৰশ্নমালাৰ সম্বন্ধ কি যাদৱ? গভীৰ...। অত্যন্ত গভীৰ সুপ্ৰভা। কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰি হাহাকাৰ কৰাৰ আগতে সেই প্ৰশ্ন নিজক কৰা উচিত , প্ৰশ্নৰ সমাধানত এবাৰ নিজক থিয় কৰাই চোৱা উচিত,সমিধান তোমাৰ সন্মুখত ধৰা দিবহি...। : কিন্তু কেনেকৈ যাদৱ??
Poetry Books 50% Off
Bestselling collections from top poets
