🌾নিৰ্জন হৃদয়ৰ ফুচফুচনি🌾
বতাহৰ কোমল পৰশত, মোৰ হৃদয়ৰ ধূলি উৰি যায়— কোনো প্ৰদেশৰ বসন্ত আৰু বসন্ত নোহোৱা দেশবোৰৰ মাজেৰে...। তাত, বৰষুণৰ প্ৰতিধ্বনি নাই,গীতৰ অমিয়া ধাৰাও নাই, আছে মাথোঁ এক মৌনতা... ইমান গধূৰ যে, বাৰিষাই ইয়াক স্পৰ্শ কৰিবলৈও সাহস নকৰে।(কিয়??) তথাপিও মোৰ বিশ্বাস, এই মৰুভূমিলৈ এজাক বৰষুণ আহিব! মানুহৰ চকুত সঁচা সেউজৰ প্ৰতিচ্ছবি ভাহিঁব! য'ত শুকান বালিয়ে আশাৰ উৰণি গুচাব!! কোমলকৈ, সেউজীয়া হৈ আকৌ ফুলিব, মৰমৰ সেই হাঁহিফুল...। —পংখী🍃
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
