আছু
আপুনি প্ৰশ্ন কৰিছে আছুক কি ? আমি আঙুলিয়াই দেখুৱাই দিছোঁ ঊনৈশ দশকৰ তেজেৰে ৰাঙলী হৈ পৰা শ্বহীদৰ শ্বহীদ বেদী.. শ্বহীদ প্ৰণাম ও তোমাক । আপুনি কি বুজিব অসমীয়াৰ আবেগ আপুনি কি বুজিব জাতি, মাটি ভেটিৰ কথা । আপোনাক বুজালোয়েই যেনিবা বীৰ শ্বহীদৰ কথা আপুনি জানো বুজিব কেঁচা তেজৰ মূল্য ? আমিবোৰে মুকলি আকাশৰ তলত থিয় দি সাগৰৰ গভীৰতা আৰু পৰিসীমা নিৰ্ণয় কৰো । আপুনি কয় আমি গুণ্ডা,অভদ্ৰ,বেয়া জাতি,মাটি,ভেটি ৰক্ষাৰ স্বাৰ্থত ৰাজপথ বন্ধ কৰাৰ বাবে যদি আপুনি কয় আমি গুণ্ডা ! হয় দিয়ক আমিবোৰ গুণ্ডা । যদি অসমীয়া ভাষা ৰক্ষা কৰাৰ স্বাৰ্থত আন্দোলন কৰাৰ বাবে আপুনি কয় আমি গুণ্ডা ! হয় দিয়ক আমি গুণ্ডা । সাত বছৰীয়া শিশুটিক যদি চাহৰ দোকানৰ পৰা আনি বিদ্যালযত নাম লগাই দিয়া বাবে আপুনি কয় আমি গুণ্ডা হয় দিয়ক আমি গুণ্ডা । ভিৰৰ মাজতে আহো আমিবোৰ আৰু ভিৰৰ মাজতে হেৰাই যাওঁ । কি পায় আছুয়ে, কি পায় সেই লৰা- ছোৱালী কেইজনে ? যিয়ে অসমীয়া জাতি,মাটি ভেটিৰ স্বাৰ্থত নিসংকোচে সদায় আগুৱাই যায় । এই সংগ্ৰাম চলি যাব তেতিয়ালৈকে যেতিয়ালৈকে প্ৰতিজন অসমীয়াই বুজি নাপাব অসমীয়া ভাষা,জাতি,মাটি,ভেটি ৰক্ষাৰ কথা যেতিয়ালৈকে প্ৰতিজন অসমীয়াই বুজি নাপাব মানৱীয়তা মানে কি? আপুনি ৰাষ্ট্ৰীয়তাবাদৰ কথা কব আমি জাতীযতাবাদৰ কথা কম । আপুনি ধৰ্মৰ কথা কব আমি জাতিৰ কথা কম । চলি যাব এই সংগ্ৰাম চলি যাব এই আন্দোলন বুকুত হাত থৈ হেজাৰবাৰ কম জয় আই অসম বোল ।
Poetry Books 50% Off
Bestselling collections from top poets
