যাত্ৰা...
: অমানিশাৰ অনুভৱ কেনেকুৱা? : হয়তো সেমেকা(!) : ওহোঁ... কেতিয়াও নহয়, ই যে অনুভৱৰ এক মৃদু শিতান । : আচৰিত! সুৰুযৰ জিলিকনি ভাল পোৱা মানুহেও অমানিশাৰ মাজত অনুৰাগ বিচাৰিব পাৰেনে?? : হাঁ হাঁ হাঁ.... আচৰ্য্যকৰ নহয় জানো? হেঙুলিয়া আভাৰে আৱৰা আকাশ ভালপাও সঁচা, কিন্তু ধাৰে লোৱা পোহৰত উজ্বলাই ৰখা জোনালীক কোন স'তেনো অগ্ৰাহ্য কৰিব পাৰোঁ? : মানে তুমি পোহৰ ভালপোৱা? : ঠিক তেনেকুৱা নহয়, মাথোঁ ৰমনিয়তাৰে আনৰ হৃদয় জিনিব খোজা প্ৰতিটো বস্তুৰেই শলাগ ল'ব বিচাৰোঁ...। : হম... ধাৰে পোহৰ লৈ হলেও জোনটোৱে আকাশখন দীপ্তিমান কৰিবলৈ কম খন যন্ত্ৰণা সহেনে(?) : আৰু সেইয়ে চাগে অমানিশাৰ অনুভৱ আনতকৈ পৃথক! : তোমাক বুজিবলৈ কঠিন... : হয়তো অমানিশাৰ দৰেই! : নহয়। : কিয়? : অমানিশাৰ আকাশ কেতিয়াবা মেঘাচ্ছন্ন,কিন্তু তুমি আৰু তোমাৰ অনুভৱী অধ্যায় সদায়েই অভ্ৰহীন। : মনৰ মজিয়াখন মেঘমুক্ত কৰি ৰখাটো ভুল নেকি? : মই জানো ভুল বুলিব পাৰোঁ? : তেন্তে? : ....মই নিৰুত্তৰ। : শুনা,, অমানিশাৰ গীতক তেওঁহে বুজিব পাৰে,যি শ্ৰোতাৰ হাতৰ মুঠিৰ পৰা হেৰাই গৈছে এটি দুটিকৈ বহুজনৰ প্ৰাণ,যিয়ে কান্দোনৰ কলৰোলক পাহৰি পেলাইছে,যিয়ে জীয়া অনুভূতিক প্ৰাণৱন্ত ক্ষণতে দপ্ দপকৈ জ্বলি উঠা বহ্নিৰ বুকুত দাহ কৰি পেলাইছে; তেওঁৰ বাহিৰে আনে জানো ভালকৈ বুজিব পাৰিব অমনিশাৰ অনামী তাৎপৰ্যক...?
Poetry Books 50% Off
Bestselling collections from top poets
