খেল
চাৰ, যোগ্যতাৰ পৰিচয় সেইদিনাই হেৰুৱাইছিলো যিদিনা, নব্বৈৰ ঘৰে স্পৰ্শ কৰিছিল ৭০ক সংখ্যাৰ খেলখনত যিদিনাই আৰম্ভ হৈছিল স্খলনৰ সিদিনাই , সিদিনাই চাৰ মোৰ হেৰাইছিল পৰিচয়। আমাৰ দৰে মানুহবোৰ আচলতে চাৰ এটা জীৱন বৃত্তৰ স্পৰ্শক হে মাথোঁ, হতাশাৰ পৰিধিয়ে আগুৰা জীৱন বৃত্ত। পাই হেৰুৱাৰ যন্ত্ৰণা ভালকৈ বুজো চাৰ , এটা সংখ্যাই সলনি কৰি দিলে। জীৱনৰ এটা সম্ভাৱনাক। সম্ভাৱনাৰ আকৰ তুহজুইৰ দৰে উমি উমি জ্বলি আছিল চাৰ কিন্তু গ্ৰীষ্মৰ শাত পেলোৱা বৰষুণজাকে আহি জ্বলিব ধৰা জুইকুৰা দিলে নুমুৱাই।।
Poetry Books 50% Off
Bestselling collections from top poets
