মাজনিশা
মাজনিশা চিলমিলি টোপনিৰ মাজতে বাৰে বাৰে তুমি মোৰ কাষলৈ আহিছিলা বাৰুকৈ এ মনত পৰিছিল তোমালৈ সেই মাজনিশা। মুকলি আকাশৰ তলত বহি কান্ধত মূৰ থৈ, হাতে হাত ধৰি আজীৱন লগত থাকিম বুলি কোৱা কথাষাৰে, মোক বাৰু কৈ এ কন্দুৱাইছিল সেই মাজনিশা । মোবাইল স্ক্ৰীনৰ পেটাৰ্ণ খুলি গেলেৰীত আৱদ্ধ পুৰণি ছবিবোৰ বাৰে বাৰে চাইছিলো, ইটোৰ পিছত সেইটো ফোনকল, text মেচেজ কৰি অপেক্ষা কৰিছিলোঁ তোমাৰ উত্তৰৰ বাবে ! ফোনকলত বাৰে বাৰে চিঞৰি চিঞৰি কৈছিল don't number you have calling is currently busy; please try again later... WhatsApp মেচেজৰ বাবেই যেতিয়া তোমাৰ chats খন উলিয়াই লও তেতিয়াই পুৰণি মেচেজবোৰ পঢ়ি মনলৈ আহে তুমি যেন মোৰ আৰু মোৰ হৈ থকা নাই। মাজনিশা সেই অপেক্ষাবোৰেই নীৰৱে নিস্তব্ধে চকুলো হৈ নিগৰে মাজনিশা সেই চকুলোৰে সৈতে মাথো মই ৰোমন্থন কৰো সেই অতীত স্মৃতিক নিঃসংগতাৰ লগত । এতিয়া মাথো মই অনুভৱ কৰো দুগালৰ তপত অশ্ৰুনদীক । মাজনিশা মনত পৰিছিল তোমালৈ ।।
Poetry Books 50% Off
Bestselling collections from top poets
