** আহিনৰ মধুৰ ৰাতি **
এতিয়াও আছে ৰৈ মাথোঁ তোমালৈ সেউজবুলীয়া মন এটি লৈ, হিয়াৰ মাজত অঁকা ছবিখন এবাৰ চাই লোৱাহি সেইখন কিজানিবা তোমাৰেই হয়... কথাবোৰ বুজিব পৰাকৈ তোমাৰ হয়তো সময় হোৱা নাই চিন্তাবোৰে জুমুৰি ধৰে, হৃদয়খনক মাৰি পেলাবতো নোৱাৰি আজি ৰাতি আকৌ যদি সেই সপোনকে দেখা সেইয়া বুজিবা তুমি_ তোমাৰ ভাগ্যতে আছে লেখা, দুৱাৰখন খোলা আছে মাত্ৰ এবাৰ আহি টুকুৰিয়াই দিলে জীৱনটো আকৌ চলিব, জী উঠিব আহিনৰ উদাসী সন্ধিয়া
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
