গন্তব্যহীন যাত্ৰা
কি কৰিছোঁ মই? ক’লৈ গৈ আছোঁ? উত্তৰহীন কিছু প্ৰশ্নৰ ভৰত, মই যেন আজি নিজেই নিজৰ ওচৰত এটা অচিনাকি শব্দ হৈ পৰিছোঁ। বৰ্তমানৰ এই খৰস্ৰোতা নদীখনত নাওখন মেলিছোঁ সঁচা, কিন্তু বঠাডাল যেন ক’ৰবাত হেৰাইছে; দিশহাৰা ঢৌবোৰে মোক অজান দেশলৈ উটুৱাই লৈ গৈছে। কি কৰিম মই? কি হ’ব মোৰ ঠিকনা? ভৱিষ্যতৰ আকাশখন আজি বৰ ধূসৰ, সপোনবোৰ যেন কুঁৱলীৰ আঁৰত লুকাইছে আৰু বাস্তৱটো হৈ পৰিছে বৰ অচিনাকি। মনটোৱে একোকে বুজি নাপায়, কেতিয়াবা হাহাকাৰ কৰে, কেতিয়াবা নিৰৱে ৰয়; সময়ৰ এই জটিল অংকত মই যেন এটা নিমিলা আধ্যা। তথাপিও ৰৈ আছোঁ— কিজানিবা কোনোবা এটা পলত, নিজে নিজক বিচাৰি পাওঁ, আৰু মোৰ অস্পষ্ট পৃথিৱীখনত এটা স্পষ্ট পোহৰ জিলিকি উঠে।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
