মৰমৰ অধিকাৰী
মানুহ সলনি হয় ঠিক এই সলনি হোৱা বতৰৰ দৰে। কোনো সদায় আপোন হৈ নাথাকে। আজি আছে, কাইলে নাই। হয়তো এইয়ায়ে প্ৰকৃতিৰ নিয়ম। কিন্তু তাৰে মাজত, সেই নিৰৱ নীলা আকাশখনৰ দৰে, কিছু মানুহ সদায় থাকি যায়। যোনে নিজৰ প্ৰতিশ্ৰুতিৰ লাজ ৰাখে। যাৰ আগত হিয়া উজাৰি সকলো কথা ক'ব পাৰো। যাক বিশ্বাস কৰিব পাৰি। যাক নিজৰ সাচতীয়া মৰম খিনি দিব পাৰি। সেই তানে এজন বিশেষ ব্যক্তি হ'বা নে তুমি মোৰ বাবে? *কেৱল মোৰ বাবে*? দীক্ষিতা গগৈ
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
