মৌন ওঠৰ ভাষা
মই উশাহ ল'ব পৰা নাই। ঐ, খোলচোন এই কফিনটোৰ দুৱাৰ। মায়াবিনী ৰ ৰাগে যে মোকো পগলা কৰিছে, আকৌ এবাৰ তহঁতক চোৱাৰ হেঁপাহ জাগিছে। আই ঐ মোৰ অসমজনী, তোৰ চকুলো মচিবলৈ যে আজি ময়ো ব্যর্থ, আকাশে যে হাত বাউলীছে। সাগৰৰ বুকুৰ শেতেলী পাটীৰ এবাৰ শুৱাদ লৈ চালো....আকাশ আৰু সাগৰৰ নীলা কুঁৱলীবোৰৰ মাজতে বাট হেৰালো মই । তহঁতৰ এই অশ্ৰু টোপাল বোৰেই যে মোৰ জীৱনৰ অৰ্জন ...অচীন ঠাই খন মোৰো একেবাৰে ভাল লগা নাই... কিন্তু তহঁতে টো জান নতুন ঠাইত মোৰ এদ্ভেনচাৰৰ চখো যে অসীম। বাৰু, যা হওক, মাত নিদিয়াৰ বাবে মোক আজি তহঁতে বেয়া নাপাবি....মোৰ গানৰ প্ৰতি সুৰতে মোৰ প্ৰত্যুত্তৰ পাবি। -নিলাক্ষী
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
