পবিত্ৰ ফুলপাহ 🌺🌹🪷🌸💮🏵️🌻
পথৰ কাষত পৰি থকা ফুলপাহ উঠাই হাতত লৈ খোজ কাঢ়ি আহি থাকোঁতে মনে মনে নিজৰ ভাৱনাত মোহ গ'লো, যি ফুল নহ'লে পুৱাৰ আৰধণা নহয় যি ফুল নহ'লে ঈশ্বৰৰ পূজা নহয় যি ফুল নহ'লে আনক শুভেচ্ছা নিব নোৱাৰি যি ফুল নহ'লে প্রিয়জনক প্ৰেমৰ প্ৰস্তাৱ দিব নোৱাৰি যি ফুল নহ'লে অতিথিক আদৰিব নোৱাৰি যি ফুল নহ'লে কোনো পবিত্র কাম নহয় যি ফুল নহ'লে মৃতকৰ শ্ৰদ্ধাঞ্জলি নহয় সেই ফুল আজি পথত পৰি আছে, হেজাৰ জনৰ খোজ পৰি ধূলিময় হৈছে, বালিময় হৈছে আৰু নিৰৱ হৈ দুখত ভাগি পৰিছে, কিন্তু কাৰোৰে চিন্তা নাই, ফুল পাব নগছি ক'ৰবাত উঠাই খয় দিওঁ চোন, ৰ'দ, বতাহ, বৰষুণ, ধুমুহা, জাৰ ইত্যাদি নেওঁচি ফুলি থাকি সুবাহ বিয়পাই, আমাৰ বাবে ৰঙীন হৈ থাকে, অথচ আমি ইমান স্বাৰ্থপৰ যে নিজৰ বাহিৰে আনৰ কোনো চিন্তায়ে নকৰোঁ। এৰা কি লাভ, দুটামান শাৰীৰ কবিতা ৰচি মই জানো কাৰোবাৰ মন সলনি কৰিব পাৰিম। : জাভেদ
Poetry Books 50% Off
Bestselling collections from top poets
