* আবেলিৰ ধেমালি *
হাঁহিৰে উপচা আবেলিৰ বুকুত দেখোঁ আজি মই উৰুঙা হাহাকাৰ শুনো, শূন্য প্ৰাংগণ, শূন্য সেই বকুলজুপিৰ তল হৈ গুদু, অলং-দলং, ৰজা-ৰাণীৰ মালিতাৰেও মুখৰিত নহয় মুকলি পথাৰখন। ভঁৰালৰ তলত, ডুলিৰ ভিতৰত কিম্বা হাঁহৰ গঁৰালতো নৰ'ল লুকা-ভাকুৰ ঘ্ৰাণ এফেৰি চেংগুটিৰ ঝনঝননি, হেতালিৰ কিৰীলি আৰু যে কত খেলৰ সুহুৰি, জহি-খহি গ'ল শৈশৱতে আমি সজা ওমলা ঘৰটি সোঁৱৰণি হ'ল ঢকুৱাগাড়ীত উঠা সেই সোণসেৰীয়া কাহিনী। আবেলিৰ ধেমালিবোৰ হঠাতেই নোহোৱা হ'ল বাটে-ঘাটে ডেও দি ফুৰা পখিলাজাকো ক'ত জানো হেৰাই গ'ল, হয়তো সময়ৰ তাগিদাত ধূসৰিত আজি শৈশৱৰ সেই সোণোৱালী ঐকতান আবেলিৰ আলয়ত বাজি থাকে মাথোঁ নির্জনতাৰ গান।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
