অস্তিত্বৰ দাপোণ,হাঁহিৰ মৌনভাষা
তোমাৰ চকুত দেখোঁ মোৰ হেৰুৱা সময়ৰ সন্ধান, য'ত লুকাই আছে মোৰ অসম্পূৰ্ণ সপোন আৰু নিৰৱে কঢ়িওৱা প্ৰতিটো কাহিনী। তোমাৰ হাঁহিটো কোনো সাধাৰণ অভিব্যক্তি নহয়, ই এক মৌন ভাষা, এক গভীৰ প্ৰতিশ্ৰুতি। যি মোক কয়, জীৱনৰ আটাইবোৰ বিষাদ কেৱল এক ক্ষণস্থায়ী অধ্যায়। তোমাৰ হাঁহিত মোৰ আত্মাই জিৰণি লয়, আৰু তাতেই মই মোৰ অস্তিত্বৰ পূৰ্ণতা পাওঁ। তুমি মোৰ বাবে কেৱল এজন ব্যক্তি নহয়, তুমি মোৰ জীৱনৰ দাপোণ, য'ত মই মোক নতুনকৈ আৱিষ্কাৰ কৰোঁ। তোমাৰ চকু আৰু হাঁহিৰ মাজত মই পাওঁ জীৱনৰ আচল অৰ্থ, যি কেৱল মোৰ নিজৰ।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
