সেইখন চোতালত আকৌ বহিব পাৰিম নে
সৰুতে চোতালৰ পৰা সেই ব্যস্ত মানুহবোৰক দেখিছিলোঁ চাই ৰৈছিলোঁ, ভাবিছিলোঁ ক’ৰ পৰা আহিছে ইহত, ক’ত বা যায়। সুধিব খুজিছিলোঁ, " কিহৰ কাৰণে ইমান দৌৰা-দৌৰি লাগিছে তোমালোকৰ?" মোৰ দৰে মা-দেউতা বা আছে নে নাই ইহতৰ? কিছুমান ডেকা, কিছুমান বুঢ়া, কিছুমানে খোজ কাঢ়ি মোৰ ঘৰৰ গেটৰ আগৰে পাৰ হৈ গৈছিল, কিছুমানে লাইন গাড়ীত উঠি গৈছিল। আজি, এতিয়া, মই যেতিয়া মোৰ সৰু টাউনখন এৰি মোৰ সপোনক ধৰিবলৈ ভাড়াৰ গাড়ীখনত উঠিছোঁ, চুটকেছটো লৈ | মইও এজন ল’ৰা দেখিছোঁ, যেতিয়া মোৰ গাড়ীখন তাৰ ঘৰৰ আগেদি পাৰ হৈ গৈছে, আতাকৰ লগত কথা পাতি, মোৰ ফালে চাইছে। বোধ হৈ সিও আতাকক সুধিছে— “ক’ৰ হৈ ই? ক’ত যায়? মোৰ দৰে ঘৰ-ঘাট ঠিকনা আছে নে ইয়াৰ?”
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
