এটি সোণালী দিনৰ ঠিকনা
আজিও সেই দিনটো লৈ মনত পৰে। তুমি যে নদীৰ ঘাটলৈ পানী আনিব গৈছিলা। মইও যে নদীৰ পাৰৰ, বৰগছ জোপাৰ তলত বহি ৰৈ আছিলো তোমালৈ। আজিও মনত পৰে, তুমি ৰমেনৰ হাতত মোলৈ দি পঠিওৱা চিঠিখন লৈ। মইও চিঠিৰ উত্তৰ লিখি, তোমালৈ বুলি ৰাধাৰ হাতত এখনি চিঠি দি পঠিয়াইছিলো যে! মনত পৰে, চিঠিৰ সেই নীলা আখৰৰ , ভালপোৱা অনুভৱ বোৰ লৈ। বকুল তলৰ কেকুৰিটো যে, আজিও আছে জানা। কিন্তু , হৰিহঁত দেখোন, নহাই হল? নদীৰ পাৰৰ বৰগছজোপা, আজিও আছে জানা। এতিয়াও গছজোপাৰ তলত বহি, ৰৈ থাকো তোমালৈ। কিন্তু তুমি দেখোন নহাই হ'লা? তোমাৰ চিঠিৰ উত্তৰ লিখিবলৈ আজিও কলমৰ চিয়াঁহী আছে। কিন্তু ৰমেনে তোমাৰ চিঠিখন লৈ নহাই হ'ল। কিয় জানো? কিজানি ,এতিয়া চিঠি লিখিবৰ বাবে, তোমাৰ কলমটিয়ে নোহোৱা হ'ল। সময়ৰ সোঁতত চাগে, সোণালী দিনবোৰ হেৰাই গ'ল। এতিয়া জানো, বিচাৰি পাম? এটি সোণালী দিনৰ ঠিকনা। _______________ শ্রী বিতোপন কলিতা দৰং, কেন্দুগুৰি
Poetry Books 50% Off
Bestselling collections from top poets
