যাত্ৰা...
: "আবেগে উপচা মন আজি উৰণীয়া... মোক উৰুৱাই নিয়ে ফাগুনৰ পচোৱাই..." : গীত ভালপোৱা? : হম্ ,গীতৰ পৰশ অনুভৱী একোণত গাঁঠি যাওঁ... : ভাৰ্চুৱেল পৃথিৱীয়ে হকা-বাধা নকৰেনে? : গীত ভালপোৱা মানুহ ভাৰ্চুৱেল পৃথিৱীৰ পৰা বহু যোজন দূৰত থাকে! : কিন্তু ৰাস্তাৰ আশে-পাশে থকা ডাৰ্ক নাইটৰ ৰঙা নীলা বহুৰঙী জুপুৰী বোৰেটো নিশ্চয় টনা টনী কৰে? : গীতৰ এলবাম হৃদয়ৰ ভাঁজে ভাঁজে সাঁচি ৰখা মানুহে ডাৰ্ক নাইট ভাল পায় সঁচা, কিন্তু ৰং বিৰঙী পোহৰে টানি নিয়াতকৈ তেওঁলোকে নীলিমাৰ শীতল বুকুত সাটোৰঙী আৱেগ সিঁচি দিবহে বিচাৰে...(এমুঠি নিৰ্ভেজাল হেপাহেৰে) : হমম্ ,সেইয়ে চাগে তেওঁলোকে অনাখৰী গীতৰ মাজতো কোমলতাৰ সুগন্ধি বিচাৰি পায়!! : তোমাৰ ভাৱ হয়টো ভুল নহয়(!!) : . . .(?) ( নীৰৱতাৰ আঁৰৰ নিতাল মৰা অভিব্যক্তি...) — পংখী🍃
Poetry Books 50% Off
Bestselling collections from top poets
