* ৰঙীন হৃদয় *
দগ্ধ হিয়াত সুখৰ ফুল পাৰিজাত, ক্ষত-বিক্ষত কলিজাত প্ৰত্যয়ৰ দুখনি হাত। উৰুঙা হাহাকাৰ গ'ল আঁতৰি সাৰুৱা হ'ল বুকুৰ চৰ-চাপৰি, আশাৰ জুৰিটি বৈ গ'ল জিৰি জিৰি নিৰাশাৰ ভেটা ভাঙি। ৰঙীন মোৰ হৃদয় আজি হিয়াৰ চৌপাশে ইন্দ্ৰধনুৰ দোলনি, আস্থাভৰা সেই দুহাততেই পালোঁ বিচাৰি জীৱনান্দৰ বৰ্ণিল সাতসৰী।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
