কবি নহয় মই
এজন সাধাৰণ যুৱক মই, নহয় কবি, নাই কাব্যিক চিন্তাৰ ধাৰা, মোৰ জীৱনত নাই ৰোমেন্সৰ নাম-গোন্ধ — নাই কোনো চিঠিৰ প্ৰতীক্ষা, নাই কাহিনী কোনো নীৰৱ চকুৰ ভাষাৰ। তথাপিও... হৃদয়ৰ গভীৰ কোণত কেতিয়াবা বাজে এক অচিন সুৰ, যি মূৰ্তি লয় কবিতাৰ, অথবা এক চকুৰ পলকতে গঢ়ি উঠা নিঃশব্দ কাহিনীৰ। মই কবি নহয়, তথাপি শব্দবোৰে মোক চিনি পায়, মোৰ অনুভৱে পথ বিচাৰে সকলোৰে হৃদয়লৈ যাবলৈ— কেতিয়াবা এটি বিন্ধাৰ মাজেৰে, কেতিয়াবা এটি বিষাদৰ ছাঁৰ তলেৰে। মোৰ কবিতা হয়তো চুই নাপায় আকাশ, কিন্তু প্ৰয়াসটো হয়– নিজকে প্ৰকাশ কৰিব পৰা, এক মৌন হৃদয়ক শুনাব পৰা। তুমি যদি কেতিয়াবা অনুভৱ কৰা এটা অচিন বেদনাৰ ছাঁ, সেয়া হ’ব পাৰে মোৰ মৌনতাৰে লিখা এটি শাৰী । আনে হয়টো ক'ব পাৰে—এইয়া কবিতা নহয়, মই কওঁ—এইয়া হ’লো মই, মোৰ ভগ্ন শব্দবোৰৰে গঢ়ি উঠা এটি অকণমান আত্ম-প্ৰতিকৃতি। কেতিয়াবা নিশাৰ গভীৰ মুহূর্তত যেতিয়া সকলো শব্দ থমকি ৰয়, মোৰ ভাৱনাবোৰ গোট খাই উঠে আলসুৱা ধূপৰ দৰে, অৰ্থহীন হ'লেও সেউজীয়া এটি স্মৃতি হৈ… কেতিয়াবা মই বিশ্বাস কৰোঁ যে প্ৰেমত পৰা নাছিলো যদিও আশাৰে গঢ়া আছিল মোৰ প্ৰতিটো বচন। কবিতা নাছিল যদিও মোৰ মৌনতাৰ প্ৰতিটো স্তব্ধতাই আছিল এটি শব্দহীন গান। নজনাকৈয়ে, কেতিয়াবা মোৰ মৌনতাবোৰে উচুপি উঠে, আধাফুটাকৈ কৈ যায়— মই ছাঁৰে গঢ়া এটি জীৱন, য’ত হেঁপাহ আছিল, হেৰোৱাৰ পাছতো আশা আছিল, আৰু প্ৰতিটো পৃষ্ঠাত আছিল— এটি বুজাব নোৱাৰা কবিতা। মই কবি নহয়।।
Poetry Books 50% Off
Bestselling collections from top poets
