ঠিকনা
বিচাৰি ফুৰিছো অৰঙে-দৰঙে শান্তি-সম্প্ৰীতিৰ অমিয়া, অসূয়া-অপ্ৰীতিৰ লেলিহান শিখাই ছানিছে এই দুনিয়া! পাম ক'ত মোৰ যাযাবৰী সপোনৰ ঠিকনা য'তেই দেখিছো পোহৰৰ কণিকা থাপিছো তাত নদী হোৱাৰ বাসনা! মই বিচাৰো এখনি মেঘমুক্ত আকাশ নালাগে নালাগে স্বাচ্ছন্দ্য মোক ছলনাৰে গঢ়া কৰিছো নিতে বীজৰ পৰা বটবৃক্ষ হোৱাৰ অকুণ্ঠ সাধনা লাগে মাথোঁ মোক এজাক সঁজাল বৰষাৰ বতৰা!
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
