যাত্ৰা...
: বিধাতাৰ বিধান?(হাস্যময়)যি বিধাতাই কৃষ্ণৰূপে জন্ম লভি হাজাৰজনৰ কল্যাণক ৰূপায়ন কৰিব পাৰে, সেই বিধাতাই ৰাধাক সামান্য ৰক্তাক্ত সেন্দুৰ সিচিবলৈ বিধানৰ কি প্ৰয়োজন যাদৱ...? : হাহাকাৰ হৃদয়ক স্থিৰ কৰা সুপ্ৰভা। প্ৰশ্নৰ শিতানত এবাৰ ডুব মাৰি চোৱা,তাতেই সমাধান বিচাৰি পাবা। : মই যে ব্যাকুল হৈ পৰিছো যাদৱ! মধুময় বৃন্দাবন যমুনাৰ ৰূপ লাৱণ্যৰে সমাহিত উদ্ভাসিত পোহৰক নেওচি কণ্টকময় জীৱন সমুদ্ৰক আঁকোৱালি লোৱাৰ হেঁপাহ কিয় হ'ল ৰাধা কৃষ্ণৰ? : জানা সুপ্ৰভা,ৰাধাৰ অস্তিত্ব কৃষ্ণতেই বিলীন। দুটি আত্মাৰ মিলনে গঢ় দিয়ে উত্তৰ পৌৰুষোত্তক,প্ৰতি প্ৰজন্মক। ই চিৰন্তন সত্য,কিন্তু ৰাধা আৰু কৃষ্ণৰ যে একেটি আত্মাই,যাৰ কোনো বিভেদ নাই! : বিভেদ নাই?ৰাধা আৰু কৃষ্ণ দুয়োটো পৃথক শৰীৰি।নুবুজিলো যাদৱ? : বুজিবা সকলোঁ। প্ৰথমে মোক কোৱা যে,যদি এজোপা শেৱালী গছত অজস্ৰ ফুল ফুলি থাকে,তেন্তে প্ৰত্যেক পাহি ফুলৰ সুগন্ধি পৃথক হ'ব নেকি? : অসম্ভৱ যাদৱ, কিন্তু ইয়াৰ সাদৃশ্যতা ৰাধা কৃষ্ণৰ দৰে অপূৰ্ব শক্তিৰ লগত!!কেনেকৈ? : শুনা সুপ্ৰভা,যিদৰে একেজুপি শেৱালীৰ প্ৰত্যেক পাহি কুসুমৰ সুগন্ধি একেই,ঠিক সেইদৰে মনুস্যৰূপী ৰাধা কৃষ্ণৰ অন্তৰাত্মা কোনো ৰূপে পৃথক নহয়।বৈকুণ্ঠৰ মোহ এৰি মৰ্ত্যত মনুষ্যৰূপে কৰা নানা লীলা আৰু একান্ত ভকতৰ বলত লাভ কৰা সীমাহীন সৌন্দৰ্যৰ এক উদাহৰণ এয়া সুপ্ৰভা। : বুজিছোঁ যাদৱ,ভুল ৰাধা কৃষ্ণৰ নাছিল,হয়তো আনৰ ভুলৰ অৱকাশ হৈ পৰিব লগাত পৰিছিল দুয়ো!
Poetry Books 50% Off
Bestselling collections from top poets
