অণুগল্প ১ হেৰোৱা ৰঙৰ সুবাস
সময় আবেলি। দীঘল চুলিটাৰি মেলি এজনী ৰূপহী ছোৱালী কিবা ভাবত বিভোৰ হৈ অকলশৰে বহি আছে নৈৰ পাৰত। দৃষ্টি তাইৰ নৈৰ সোঁতত নিবদ্ধ। তাইৰ সজল দুচকুৱে যেন নৈৰ পানীত অমূল্য কিবা এটাহে বিচাৰি ফুৰিছে। এৰা,পাঁচ বছৰৰ আগৰ কথা। বিয়ালৈ মাথোঁ এমাহ বাকী আছিল তাইৰ আৰু প্ৰত্যুষৰ। ঘাত-প্ৰতিঘাতৰ মাজেৰে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত দুয়ো এক হোৱাৰ পথত ধাৱমান। সীমান্তৰক্ষী প্ৰত্যুষ দুৱৰা বিয়াৰ বাবে দুমাহৰ ছুটি লৈ ঘৰলৈ উভতিছিল। প্ৰকৃতিয়ে তাক হাত বাউলি মাতিছিল। সেয়েহে সি লগৰ সমনীয়াৰ সৈতে বনভোজ খাবলৈ এই মনোমোহা ঠাইখনলৈ ঢাপলি মেলিছিল। আৰু ইয়াতেই, এই নদীখনৰ বুকুতেই চিৰদিনৰ বাবে বিলীন হৈছিল। তেতিয়াৰে পৰা এই নদীখন যেন তাইৰ প্ৰাণতকৈয়ো আপোন হৈ পৰিল। আউলি-বাউলি চুলিৰে, বেদনাক্লিষ্ট মনেৰে হেৰোৱা ৰঙৰ সুবাস বিচাৰি প্ৰতিনিয়ত আকুলতাৰে চাই থাকে তাই নদীখনৰ গভীৰতালৈ।
Poetry Books 50% Off
Bestselling collections from top poets
