~সলনি হয় মানুহ ~
এই যে নতুনৰ আগমনত পুৰণিক পাহৰি যায়, মুখাৰ আৰঁৰ মুখবোৰ তেতিয়াই খোল খায় ইমান সহজনে , এজনৰ ঠাই আন এজনক দি দিয়া ইমান সহজনে , যিজনে জীৱনটো ৰঙীন কৰি তুলি জীয়াবলৈ শিকালে তেওঁকেই পাহৰি যোৱা এৰা! হঠাৎ সলনি হয় মানুহ কিন্তু কষ্ট হয় , সময়ৰ গতিত নতুন মুখ আদৰিব নজনা সেউজীয়া মনৰ মানুহবোৰৰ সেই কৰ্তব্যৰ ভৰত বা স্বইচ্ছাৰে সলনি হৈ যোৱা জনটো আৰু ঘূৰি নাহে কিন্তু কষ্ট বেছি হয় , সদায় একে হৈ থাকিব বিচৰাজনৰ । এৰা ! হাতত সুৰ্দশন লোৱা শ্ৰীহৰিয়ে কেতিয়াও যমুনাতীৰৰ ৰাধাৰ কথা নাভাবে সোৱনশিৰিৰ পানীত পানেইৰ সৈতে মিলি যোৱা জংকিয়েও কেতিয়াও ঘূণাঁসুতিৰ ডালিমীৰ কথা নাভাবে কিন্তু জীৱন গৈ থাকে একেদৰেই গৈ থাকে। পৰিস্মিতা 🖊️
Poetry Books 50% Off
Bestselling collections from top poets
