মেট্ৰিক পৰীক্ষা
জীৱনৰ প্ৰথমটো আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ পৰীক্ষা। কিন্তু যদি এই পৰীক্ষাটোত কোনোবাই ফেইল কৰে তেতিয়াহ'লে কি হ'ব? প্ৰতিবছৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবৰ দিনা বাতৰিৰ শিৰোনামাত শুনিব পাওঁ কোনোবা শিক্ষাৰ্থীৰ আত্মহত্যাৰ খবৰ। পৰীক্ষাত ফেইল কৰিলে কৰিলে বুলিয়ে আত্মহত্যা কৰাৰ প্ৰয়োজন আছে নেকি? কোনোবাই ফেইল কৰিলে বহুতে কথা শুনায় যে 'কাম নাই আছোঁ আৰু জীৱনটো কিনো কৰিব'। মেট্ৰিক পৰীক্ষাত পাছ কৰিলে কি জীৱনটো ঠিক হৈ যায় নেকি? বৰ্তমান শিক্ষাৰ উদ্দেশ্য হৈছে এটা ভাল চাকৰি আৰু টকা উপাৰ্জন; কথাটো শুনিবলৈ বেয়া যদিও সঁচা। কোনোবাই মেট্ৰিকত যিমানে ভাল নম্বৰ নাপাওঁক কিয়, সেই নম্বৰ কেইটা মাথোঁ এখন কলেজত নামভৰ্তি কৰালৈকেহে সীমিত। বহুতে শিক্ষাৰ্থী জীৱনত ভাল ভাল নম্বৰ পাই উচ্চ ডিগ্ৰীধাৰী হৈও বৰ্তমান সময়ত নিবনুৱা হৈ বহি থাকিব লগা হৈছে। মানুহক শিক্ষা লাগে কিন্তু শিক্ষাৰ অৰ্থ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ক্ষেত্ৰতে সীমাবদ্ধ হৈ থাকিব নালাগে। কোনোবাই যদি ফেইল কৰিছে হাৰ নামানি পুনৰ চেষ্টা কৰা আৰু তাৰ পিছতো যদি বিফল হোৱা জীৱনটো শেষ হৈ নাযায়; জীৱনটো চলিবলৈ আৰু বহুত বিকল্প পথ আছে। সকলোৱে যে পঢ়ি-শুনি ডাক্তৰ, ইঞ্জিনিয়াৰ বা অন্য চৰকাৰী চাকৰীয়ালে যে হ'ব লাগিব এইটো নহয়। ল'ৰা-ছোৱালী উভয়েৰে বাবে আৰু বিভিন্ন পথ আছে কোনোবাই হয়তো কাঠৰ বস্তু ধুনীয়াকৈ বনাব জনা, কোনোবাই তাত-শালত ধুনীয়াকৈ কাপোৰ বোৱা, কোনোবাই চিলাইৰ কাম ভাল জনা।
Poetry Books 50% Off
Bestselling collections from top poets
