× ওপজা ঠাই * 🖋️ পি
চাহনি, শাকনি, ফুলনিৰে ভৰা শইচ-সোণোৱালী পথাৰে ৰূপত ৰঙে চৰা ওপজা ঠাই মোৰ অতিকৈ মনোহৰা। জুৰণিয়া ওখ ওখ বিৰিখৰ ছাঁ পাহাৰ সেউজীয়া চম্পাৱতী জলপ্ৰপাত চালে চকু ৰোৱা। জাতি, উপজাতি সবাৰে মিলনভূমি বাৰেৰহণীয়া কৃষ্টিৰ জ্বলে চাকি, ওপজা ঠাই মোৰ চম্পাৱতী নগৰী প্ৰকৃতিৰ ৰম্যভূমি পৰ্যটনৰো কেন্দ্ৰস্থলী। মোৰ এই ওপজা ঠাইৰ আছে ঐতিহ্যমণ্ডিত কাহিনী আছে ইয়াত অমূল্য সম্পদৰাজি। ইয়াতেই লভিলো জনম ধূলি-বালি, বোকা-পানীৰে সজালো শৈশৱ মধুৰতম, পাহাৰে, নদীয়ে তুলিলোঁ জীৱনৰ মিঠা স্বৰগম এইখনেই মোৰ ওপজা ঠাই চিৰ অনুপম।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
