এটি ফাগুনৰ কবিতাৰ ৰাগি!
মোৰ কবিতাৰ ছন্দ বুজি নাপালেও তাই কবিতা ভাল পায়, মোৰ কাহিনীৰ আঁৰৰ অৰ্থ নুবুজিলেও মোৰ উপন্যাসৰ কাহিনী শুনি শুই পৰে তাই। তাই ভাল পায় ফাগুন! আৰু ভাল পায় জোনাকক! মোৰ উপন্যাসৰ পৃষ্ঠাবোৰ কেতিয়াবা লুটিয়াই চায় তাই, মোৰ কলমেও উঠে সাৰ পায় তাইৰ মুখনি চাই। মাঘত ফাগুনৰ খবৰ সোধে তাই, চ'তৰ লঠঙা দেৱদাৰুৰ চাই বসন্তলৈ বাট চাই তাই! নিশাৰ আকাশত তৰাৰ মেলা চাই ভাল পোৱা তাই আঘোণৰ কুঁৱলীকো হেনো বৰ ভাল পায়। উকা কাগজত ৰঙ বুলাই হেনো বৰ ভাল পায় তাই, যাযাবৰী সৰাপাত গছকি গৈ নীৰৱে তাইক চাই বৰ ভাল পাঁও। আইৰ আচলত মূৰ থৈ এখন্তেক জিৰাই তাইক পোৱা যেন পাঁও! কাষ চাপিব খুজিলেও মৰিচীকাহে মাথো পাঁও, তাইক দূৰৰ পৰাই চাঁও... মাথো থৰ লাগি চাঁও!
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
