পৰিভ্ৰমী চৰাইবোৰ যেতিয়া আহে
পৰিভ্ৰমী চৰাইবোৰ যেতিয়া আহে শষ্য সোণোৱালী হয় পথাৰবোৰত দলনিখনত বাৰিষা হয় আৰু সোণাৰুবোৰ হালধীয়া ........... পৰিভ্ৰমী চৰাইবোৰ যেতিয়া আহে দক্ষিণা বতাহত তোমাৰ দীঘল চুলিতাৰি আউলী-বাউলী হয় বকুল ফুলৰ গন্ধত পখিলা উৰে চপৰা চপৰ ডাৱৰে খেলে লুকাভাকু....... পৰিভ্ৰমী চৰাইবোৰ যেতিয়া আহে সপোনবোৰে পোখা মেলি আশাৰ বলুকাত চিৰসেউজ হৈ পৰে যৌৱনৰ ৰং ৰান্ধনি বেলিৰ আঁৰত লুকাই আবেলিবোৰ....... মণ্টু হাজৰিকা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
