"অভিশপ্ত ৩০ অক্টোবৰক সোঁৱৰি
মনত আছেনে ২০০৮ বৰ্ষৰ অভিশপ্ত ৩০ অক্টোবৰৰ কথা? হয়, মই সন্ত্ৰাসৰ ধোঁৱাৰে ধূসৰিত সেই দিনটোৰ কথাকে ক'ব বিচাৰিছোঁ, কেনেকৈ পাহৰোঁ সেই ক'লা অধ্যায়ৰ কথা? ভাবিলেই শোকত, ক্ষোভত, আতংকত শিয়ঁৰি উঠে অন্তৰাত্মা। ৰৌদ্ৰোজ্জ্বল দুপৰীয়া অসমাকাশৰ পৰা হঠাতে বেলিটো নোহোৱা হৈছিল এক বিকট শব্দই আকাশ-বতাহ কঁপাই তুলিছিল, বোমাৰ বিষাক্ত ধোঁৱাই গুৱাহাটী, বঙাইগাঁও, বৰপেটা, কোকৰাঝাৰক নিমিষতে ছানি ধৰিছিল অগ্নিকণাবোৰ কিৰীলি পাৰি অ'ত-ত'ত ছিটিকি পৰিছিল। বিস্ফোৰণ বিস্ফোৰণ আৰ্ত জনতাই চিঞৰি চিঞৰি বিনাইছিল উসঃ থিতাতে তেজৰ নৈ বৈছিল, মৃত্যুৰ কোলাত শুই পৰিছিল কাৰোবাৰ পিতৃ-মাতৃ, স্বামী-স্ত্ৰী, ভাতৃ-ভগ্নী নতুবা কাৰোবাৰ পুত্ৰ-কন্যা সন্ত্ৰাসবাদৰ নৃশংসতাত শত শত লোক হৈছিল ঘুণীয়া। মহিলাৰ শিৰৰ সেন্দুৰ মচি, সন্তানক নিঠৰুৱা কৰি, পিতৃ-মাতৃৰ বুকু শুদা কৰি সন্ত্ৰাসবাদীয়ে লভিছিল আসুৰিক তৃপ্তি, মানুহৰ তেজেৰে ফাকু খেলি কাহানিও সিহঁত নপৰেনে ভাগৰি? নাই নেকি সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম, জাতি? আমি বিচাৰো এখনি সেউজ অসম, শান্তিময় পৃথিৱী অকাৰণত নিৰীহৰ জীৱন আৰু নল'বি কাঢ়ি, মানুহ হিচাপেই যদি তহঁতৰ পৰিচিতি মানৱতাবোধক নোৱাৰনে ল'ব আঁকোৱালি?
Poetry Books 50% Off
Bestselling collections from top poets
